NORTHEAST NOW (Assamese)
অসম

কোভিড ৰোগীৰ স্বাস্থ্য; আগন্তুক দিপাৱলীত ফটকাৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ কৰিলে ওড়িশা, ৰাজস্থান চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 4:15 pm

ওড়িশা চৰকাৰে ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজ্যখনৰ সকলো প্ৰান্তত ফটকা আৰু ফুলজাৰি ফুটোৱা আৰু জ্বলোৱা নিষিদ্ধ ঘোষণা কৰিছে।

ওড়িশা চৰকাৰে ফটকাৰ ব্যৱহাৰৰ লগতে ইয়াৰ বিক্ৰীটো নিষেধাজ্ঞা আৰোপ কৰিছে।

কোভিড-১৯ত আক্ৰান্ত ৰোগী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে ওড়িশাৰ পাটনায়ক চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে।

ওড়িশা চৰকাৰৰ চৰকাৰী বিষয়ববীয়াই ওড়িশাৰ জনসাধাৰণক এই বৰ্ষৰ দিপাৱলী মাটিৰ চাকি আৰু মমবাতিৰে উদযাপন কৰাৰ বাবে আহ্বান জনাইছে।

ওড়িশাৰ উপৰিও ৰাজস্থান চৰকাৰেও এই বৰ্ষৰ দিপাৱলীৰ সময়ত ফটকা আৰু ফুলজাৰিৰ বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে সেয়েহে আগন্তুক সময়ত ওড়িশা আৰু ৰাজস্থানৰ নিচিনাকৈ অসম চৰকাৰেও আগন্তুক দিপাৱলীৰ সময়ত ফটকা আৰু ফুলজাৰিৰ ব্যৱহাৰ নিষিদ্ধ কৰিব নেকি সেই প্ৰশ্নৰ উদয় হৈছে।