NORTHEAST NOW (Assamese)
অসম

তেলেংগানাৰ বানপানীত ক্ষতিগ্ৰস্ত জনসাধাৰণলৈ পশ্চিমবংগ আৰু ওড়িশাৰ মুখ্য মন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 5:05 pm

তেলেংগানাৰ বানপানীত ক্ষতিগ্ৰস্ত জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে ওড়িশা আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰীয়ে।

ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়ক আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বানপানীত ক্ষতিগ্ৰস্ত তেলেংগানালৈ ক্ৰমে ৫ কোটি আৰু ২ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

উল্লেখযোগ্য যে, হায়দৰাবাদ আৰু তেলেংগানাৰ বিভিন্ন প্ৰান্তত অতিবৃষ্টিৰ ফলত হোৱা প্ৰলয়ংকাৰী বানপানীত ব্যপক ক্ষতিসাধন হোৱাৰ লগতে ভালেকেইগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

‘‘এই সংকটৰ সময়ত পশ্চিমবংগৰ জনসাধাৰণ তেলেংগানাৰ ভাতৃ-ভগ্নীৰ সৈতে একেলগে আছে,’’ মমতা বেনাৰ্জীয়ে তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱলৈ টুইট কৰি এইদৰে লিখে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও তেলেংগানাৰ বান ক্ষতিগ্ৰস্ত লোক সকললৈ ১৫ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল।

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে চলিত বানপানীত তেলেংগানাৰ বহু হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি কয়।