NORTHEAST NOW (Assamese)
Popular Stories

১৯৯৯ৰ ওড়িশাৰ চাঞ্চল্যকৰ গণধর্ষণ কাণ্ড : দুটা দশকৰ পিছত মহাৰাষ্ট্ৰত মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 4:52 pm
Arrested-750x375

১৯৯৯ৰ ওড়িশাৰ শিহৰণকাৰী গণধৰ্ষণৰ মূল অভিযুক্তক দুটা দশকৰ পিছত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে ভুৱনেশ্বৰ-কটক আৰক্ষী আয়ুক্ত এছ শাৰঙ্গীয়ে প্ৰকাশ অনুসৰি ১৯৯৯ চনৰ চাঞ্চল্যকৰ গণধৰ্ষণৰ মূল অভিযুক্ত বিবেকানন্দ বিছৱাল ওৰফে বিবানক মহাৰাষ্ট্ৰৰ লিনাভালাৰ অম্বে ভেলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ১৯৯৯ চনৰ এগৰাকী আইএফএছ বিষয়াৰ পত্নীক কৰা চাঞ্চল্যকৰ গণধৰ্ষণ কাণ্ডৰ ফলত ৰাজ্যজুৰি সৃষ্টি হোৱা বিক্ষোভৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী জে বি পাটনায়কে পদত্যাগ কৰিবলৈও বাধ্য হৈছিল।

তিনি অভিযুক্তৰ দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লেও মূল অভিযুক্ত বিবান যোৱা দুটা দশক ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থাকিবলৈ সক্ষম হৈছিল।

কিন্তু ‘অপাৰেশ্যন ছাইলেন্ট ভাইপাৰ’ নামৰ এক গোপন অভিযান আৰম্ভ কৰি ওড়িশা আৰক্ষীয়ে মূল অভিযুক্ত বিবেকানন্দ বিছৱালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ অনুসৰি অভিযুক্তজনে ভুৱা পৰিচয়েৰে আম্বে ভেলীত এজন প্লাম্বাৰ মিস্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল।

স্মৰ্তব্য যে চাঞ্চল্যকৰ উক্ত গণধৰ্ষণ কাণ্ড অন্য দুই অভিযুক্ত ক্ৰমে প্ৰদীপ চাহু ওৰপে পাদিয়াক টুনা ম’হান্তিক আৰক্ষীয়ে ১৯৯৯ চনতে গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বীট দাখিল কৰিছিল।

২০০২ চনত খুদ্ৰা জিলা সত্ৰ আদালতে দুই অভিযুক্ত দোষী সাৱস্ত্য কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল। দুই অভিযুক্তই নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে ওড়িশা উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও উচ্চ ন্যায়ালয়ে ২০১০ চনত নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে।

ইয়াৰে প্ৰদীপ চাহু যোৱা বৰ্ষৰ ফেব্ৰুৱাৰিত চিকিৎসাধীন অৱস্থাত এখন চিকিৎসালয়ত মৃত্যু ঘটে আৰু অন্যজন অভিযুক্ত টুনা ম’হান্তি এতিয়াও কাৰাৰুদ্ধ হৈ আছে।

প্ৰণিধানযোগ্য যে এই চাঞ্চল্যকৰ গণধৰ্ষণ কাণ্ডটো ১৯৯০ চনৰ জানুৱাৰিৰ মাহত সংঘটিত হৈছিল। ভুৱনেশ্বৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত সেই বৰ্ষৰ ৯ আৰু ১০ জানুৱাৰিৰ নিশা ভুক্তভোগী মহিলাগৰাকীক উক্ত তিনিজন লোকে উপৰ্যুপৰি গণধৰ্ষণ কৰিছিল।