NORTHEAST NOW (Assamese)
Popular Stories

আজি প্রদান কৰা হ’ব ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2019 10:18 am

আজি প্ৰদান কৰা হ’ব ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ চূড়ান্ত ৰায়। ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত এই ৰায়দান প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ২০ জুনত উক্ত ৰায় প্ৰদান কৰাৰ কথা আছিল যদিও ১৯ জুনৰ নিশা সংঘটিক এক পথ দুৰ্ঘটনাত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা ঘনশ্যাম লাহনৰ মৃত্যু হোৱাৰ বাবে ৰায়দানৰ দিন পিছুৱাই দিয়া হয়।

ঘনশ্যাম লাহন ধেমাজি বাৰ এছ’চিয়েশ্যনৰো সম্পাদক আছিল। উক্ত দিনা তেওঁৰ মৃত্যু হোৱাত ধেমাজি উকিল সন্থাই জনোৱা এক আবেদনৰ ওপৰত ভিত্তি কৰি ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালততে উক্ত ৰায় পিছুৱাই দিছিল।

উল্লেখযোগ্যে যে ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন হৈ থকা সময়তে সংঘটিত উক্ত বিস্ফোৰণত ১০টি শিশুৰ লগতে ৩ গৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল।

উক্ত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০১১ চনত আৰক্ষীয়ে ১৫জন অভিযুক্তৰ নামত চাৰ্জশ্বীট দাখিল কৰিছিল। চাৰ্জশ্বীট নাম থকা লোককেইজন হৈছে লীলা খান, দীপাঞ্জলি গোঁহাই, যতীন দুৱৰী ওৰফে ৰংমন, মুহি সন্দিকৈ, চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, গোবিন কলিতা, জয়া চুতীয়া, জিতেন চুতীয়া, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, ৰছিদ ভৰালী আৰু মীন বৰুৱা।