NORTHEAST NOW (Assamese)

তামুলপুৰত ৰাইজৰ দলৰ কাৰ্য্যালয় মুকলি

March 30, 2021 2:30 pm · দীপক কুমাৰ পাঠক

আজি ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসৰ এটি কাৰ্য্যালয় মুকলি কৰা হয়।

মাংগলিক পৰিবেশত কাৰ্য্যালয়টো মুকলি কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে।

কাৰ্যালয় মুকলি কৰি নগেন চন্দ্ৰ দাসে কলে-এচাম চোৰৰ দলে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছে।ৰাইজৰ দল কাৰো ওচৰত বিক্ৰী যোৱা দল নহয়। এটি আপোচ বিহীন দল।

মোৰ জয় নিশ্চিত বাবে তেওঁলোক শংকিত হৈছে।

কাৰ্যলয় মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ বাক্সা জিলা সমিতিৰ উপ সভাপতি দমন পাটোৱাৰীয়ে কলে-‘কা’ আইনৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক অসমত আনি জাপি দিব খোজা বিজেপি চৰকাৰ খনক এইবাৰ উৎখাত কৰিব।

ভোটাৰ ৰাইজে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসক ভোট দি জয়যুক্ত কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে।

Related News