NORTHEAST NOW (Assamese)
Popular Stories

ছোৱালীয়ে গান গাব নোৱাৰিব! উঠাই ল’বলৈ বাধ্য হ’ল শিক্ষা মন্ত্ৰালয়ৰ এই আজৱ নিৰ্দেশনা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2021 6:49 pm
ছোৱালীয়ে গান গাব নোৱাৰিব! উঠাই ল’বলৈ বাধ্য হ’ল শিক্ষা মন্ত্ৰালয়ৰ এই আজৱ নিৰ্দেশনা, ক’ত?

যোৱা সপ্তাহত আফগানিস্তানৰ শিক্ষা মন্ত্ৰালয়ে ছোৱালীয়ে ৰাজহুৱা স্থানত সংগীত পৰিৱেশন কৰিব নোৱাৰিব বুলি কোৱাৰ পাছতে দেশখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইয়াৰ ফলস্বৰূপে সোমবাৰে এই নিষেধাজ্ঞা উঠাই ল’বলৈ বাধ্য হয়।

শিক্ষা মন্ত্ৰালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে সামাজিক মাধ্যমত অজস্ৰ মহিলাই গান গোৱাৰ ভিডিঅ’ আপলোড কৰি প্ৰতিবাদ জনায়।

উল্লেখযোগ্য যে দেশখনৰ চৰকাৰী বিদ্যালয়সমূহত  ১২ বছৰৰ ওপৰৰ ছাত্ৰীসকলে কোৰাচ গোৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

প্ৰতিবাদী নাৰীসকলে আশংকা কৰিছিল যে শিক্ষা মন্ত্ৰালয়ে ‘তালিবানী’ নীতি অনুসৰি এই নীতি প্ৰয়োগ কৰিবলৈ ওলাইছে।

সামাজিক মাধ্যমত #IAmMySong হেছটেগেৰে এই প্ৰতিবাদী সজাগতা অভিযান চলোৱা হয়।

আফগানিস্তানৰ মহিলা ফুটবল দলৰ প্ৰাক্তন অধিনায়িকা শমিলা কহেস্তানীয়ে শিক্ষা মন্ত্ৰালয়ৰ এই নিষেধাজ্ঞাৰে নাৰীক কণ্ঠৰুদ্ধ কৰা হৈছে বুলি কয়।

উল্লেখযোগ্য যে নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত আফগানিস্তান হৈছে অন্যতম পিছপৰা দেশ।