NORTHEAST NOW (Assamese)
অসম

বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীৰ নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ তৃণমূলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2024 12:16 pm

যোৱা শনিবাৰে ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ দেশতে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়া উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেনে অভিযোগ লৈ তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগৰ কাষ চাপিছে।

নিয়ম অনুসৰি ভোটদানৰ বাবে চৰকাৰী পৰিবহণ, মেচিন বা নিৰাপত্তাৰক্ষী ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীয়ে প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে। ফলত নিৰ্বাচনী আচৰণ বিধি উলংঘা হৈছে।

ইতিমধ্যে তৃণমূল কংগ্ৰেছে বিষয়টোৰ তদন্তৰ দাবী জনাইছে। এই সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেট গোখেলে আয়োগক অভিযোগ দাখিল কৰিছে। এই বিষয়ে তেওঁ এক্স হেণ্ডেলত সদৰী কৰিছে। মোডীয়ে নিৰ্বাচনী প্ৰচাৰত বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে সাকেটে।

লগতে পঢ়কঃ বিজেপিৰ টিকট নাপাই বিদ্ৰোহ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ; আন দলৰ সৈতে চলিছে কথা!

দেওবাৰে দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰপ্ৰদেশৰ পালনাডুৰ চিলাকলুৰিপেতত নিৰ্বাচনী সভালৈ গৈছিল। তাতেই তেওঁ ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰত উঠি গৈছিল বুলি অভিযোগ উঠিছে।

তৃণমূলে কয় যে মোডীৰ এই আচৰণে নিৰ্বাচনী আচৰণ বিধি স্পষ্টভাৱে উলংঘা কৰিছে। ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একেটা অপৰাধৰ বাবে শাস্তি ভোগ কৰিবলগীয়া হৈছিল। তৃণমূল কংগ্ৰেছে এই প্ৰশ্ন উত্থাপন কৰিছে যে মোডীয়ে কিয় শাস্তি নাপাব। কিন্তু ৰাজ্যিক বিজেপি নেতৃত্বই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাই।

অহা ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব লোকসভা নিৰ্বাচন। ১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰিব। ইয়াৰ পিছত ৪ জুনত ঘোষণা কৰা হ’ব দিল্লী দখল যুদ্ধৰ ফলাফল। নিৰ্বাচনৰ সময়সূচী প্ৰকাশৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে লোকসভা নিৰ্বাচনৰ সময়ত আচৰণ বিধি উলংঘা হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ কেইদিনমানৰ ভিতৰতে তৃণমূলে নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।