• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ টিকট নাপাই বিদ্ৰোহ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ; আন দলৰ সৈতে চলিছে কথা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 10:57 am
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সদানন্দ গৌড়া।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সদানন্দ গৌড়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী কে এছ ইশ্বৰপ্পাৰ পিছত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ভি সদানন্দ গৌড়া। লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে আৰম্ভ হৈছে কৰ্ণাটক বিজেপিত বিদ্ৰোহ। সোমবাৰে ৭১ বছৰীয়া প্ৰবীণ নেতা সদানন্দই বিজেপি ত্যাগ কৰাৰ ইংগিত দি কয়, ‘অন্য দলসমূহেও মোৰ সৈতে যোগাযোগ কৰিছে। কথা পাতিছে।”

সোমবাৰ তেওঁৰ জন্মদিন গতিকে কোনো ৰাজনৈতিক কথা নকয় বুলি জানিবলৈ দিয়ে গৌড়াই। তেওঁ কয়, ‘মই মোৰ মনৰ যন্ত্ৰণা সোনকালে ৰাজহুৱা কৰিম।’

বেংগালুৰু উত্তৰৰ দুবাৰৰ সাংসদ সদানন্দ গৌড়াক বিজেপিয়ে টিকট নিদিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ ঘনিষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰণ্ডলাজক তাত প্ৰাৰ্থিত্ব দিয়া হৈছে।

Apply Now

লগতে পঢ়কঃ এয়া কি, ইমান শীৰ্ণ চেহেৰা! ৰনদীপ হুদাই শ্বেয়াৰ কৰা ছবিক লৈ অনুৰাগীসকলৰ মাজত উন্মাদনা

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও ভোক্কালিগা সম্প্ৰদায়ৰ বিশিষ্ট নেতা সদানন্দই ইয়াৰ পূৰ্বেও নৰেন্দ্ৰ মোদী চৰকাৰত ৰে’ল মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ধাৰণা কৰে যে যদি তেওঁ দল ত্যাগ কৰে তেন্তে লোকসভা নিৰ্বাচনত দক্ষিণ কৰ্ণাটকত বিজেপিয়ে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এদশক পূৰ্বে কৰ্ণাটকত লিংগায়ত ‘ভোটবেংক’ নিশ্চিত কৰাৰ পিছত তেতিয়াৰ বিজেপি নেতৃত্বই ভোক্কালিগাসকলক আকৰ্ষণ কৰিবলৈ আগ্ৰহী আছিল। ২০১১ চনৰ আগষ্ট মাহত দুৰ্নীতিৰ গোচৰত অভিযুক্ত লিংগায়ত নেতা য়েডুৰাপ্পাৰ ঠাইত ভোক্কালিগাৰ নেতা সদানন্দক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু য়েডুৰাপ্পা ক্ষমতাত নাছিল যদিও চৰকাৰৰ ক্ষমতা লিংগায়ত নেতাসকলৰ হাতত থকাৰ বাবে ভোক্কালিগাৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল মাত্ৰ এবছৰ মুখ্যমন্ত্ৰী হিচাপে থকা সদানন্দ গৌড়াই।

লগতে পঢ়কঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুছলমানক অপমান: এ আই ইউ ডি এফৰ তীব্ৰ প্ৰতিক্ৰিয়া

২০১২ চনৰ জুলাই মাহত তেওঁৰ ঠাইত বিজেপিয়ে লিংগায়ত নেতা জগদীশ ছেত্তাৰক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ২০১৪ চনত যেতিয়া প্ৰথমবাৰ মোডী চৰকাৰ ক্ষমতালৈ আহিছিল, তেতিয়া সদানন্দক ৰেল মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছিল। দ্বিতীয় মোডী চৰকাৰৰ প্ৰথম দুবছৰৰ বাবে তেওঁক কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছিল।

কিন্তু ২০২১ চনত সদানন্দক মন্ত্ৰালয়ৰ পৰা অপসাৰণ কৰি ৰাজ্যত দল সংগঠন শক্তিশালী কৰাৰ দায়িত্ব দিয়া হয়। কিন্তু যোৱা বছৰ য়েডুৰাপ্পাৰ পুত্ৰ বিজয়েন্দ্ৰক বিজেপিৰ ৰাজ্যিক সভাপতি নিযুক্তি দিয়াৰ পিছৰে পৰা দলটোৰ সৈতে সদানন্দৰ দূৰত্ব বাঢ়ি আহিছে।

উল্লেখ্য যে কৰ্ণাটকৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ঈশ্বৰপ্পাই যোৱা সপ্তাহতহে য়েডুৰাপ্পাৰ বিৰুদ্ধে মুখ খুলি বিদ্ৰোহী হৈ পৰিছিল। তেওঁ কয় যে ২০০৯ চনৰ পৰা বিজেপিয়ে দখল কৰি অহা শ্বিমোগাত এইবাৰ তেওঁ য়েডুৰাপ্পাৰ পুত্ৰ তথা বিদায়ী সাংসদ বি ৱাই ৰাঘৱেন্দ্ৰৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হ’ব।

লগতে পঢ়কঃ চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

ঈশ্বৰপ্পাই দাবী কৰে যে ২০২২ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত য়েডুৰপ্পাই প্ৰতিশ্ৰুতি দিছিল যে ২০২৪ চনত তেওঁৰ পুত্ৰ কান্তেশক হাভেৰী আসন এৰি দিব। কিন্তু মঙলবাৰে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত দেখা গৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই সেই আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd