NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা বাঙালী সংগঠনৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ ঐক্য সেনা অসমৰ

October 15, 2018 12:31 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত বিভিন্ন বাঙালী সংগঠনে খানাপাৰত গণসমাবেশ অনুষ্ঠিত কৰিব লোৱা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে ঐক্য সেনা অসমে। আজি ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে  প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে যি কোনো মূল‍্যৰ বিনিময়ত উক্ত সভাখন বিফল কৰিব বুলি হুংকাৰ দিয়ে।

বিবৃতিটোত মুখ্য সম্পাদক শ্বহিদুল ইছলাম আৰু মুখপাত্ৰ কমল কুমাৰে কয় যে   উক্ত সভাত উদ্ভৱ হৱ পৰা যিকোনো পৰিস্থিতিৰ বাবে প্ৰশাসন আৰু চৰকাৰেই দায়ী হ’ব। অসমী আই মাতৃৰ বাবে সেনাৰ সদস্যসকলে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলি বাঙালী সংগঠনক ৰুধিব বুলিও তেওঁলোকে উল্লেখ কৰে।

বিজেপি চৰকাৰক সুবিধাবাদীৰ দ’ল বুলি কটাক্ষ কৰি তেওঁলোকে মন্তব্য কৰে,‘’আমি অসমীয়াবোৰ মৰি গৈছো নেকি? লুইতৰ পাৰৰ স্বাভিমানী,গৌৰাম্বিত বাঙালীসকলে তেওঁ লোকৰ হৈ মাত মতাৰ অধিকাৰ সুকুমাৰ বিশ্বাসৰ দৰে পাবত গজা দালালী নেতা,সংগঠনক দিছে নেকি?’’ যদি দিয়া নাই, আমি মৰা নাই, অসমীয়া বাঙালীৰ মাজৰ ঐক্য বিনষ্ট কৰাৰ এই অভিসন্ধি ৰোধ কৰক।‘’

অসমবাসীক জাতিটোৰ বাবে হাতে হাত ধৰি চৰকাৰ আৰু ২৬ টা বাঙালী সংগঠনৰ জাতি বিৰোধী মইমতালি,দম্ভালিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।

তেওঁলোকৰ জাতিবিৰোধী চক্ৰান্ত ৰুধিবলৈ গোহাৰি পত্ৰ  বিতৰণেৰে জিলাই জিলাই তীব্ৰ গণ জাগৰণ অভিযানৰ কাৰ্য্যসূচী আৰম্ভ কৰাৰ কথা উল্লেখ কৰি ঐক্য সেনা অসমৰ প্ৰতিজন সদস্যই ১৭ নৱেম্বৰত খানাপাৰালৈ গৈ ৮৫৫ জন চহিদৰ কেঁচা তেজক মূল্যাংকন কৰি  হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিছে।

Related News