NORTHEAST NOW (Assamese)
অসম

ৰৌতাৰ সিধাখোৱাত আজৱ ঘটনা : গছৰ মুঢ়া খান্দি উলিয়াওতেই উদ্ধাৰ হ’ল পৌৰাণিক মেডেল

Posted by: এন ই নাও নিউজ February 21, 2019 10:32 pm

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা।গাঁওখনৰ বাসিন্দা শুকুৰ আলীৰ পুত্ৰ সুৰুজ আলীৰ নিজ বাসগৃহত সংঘটিত হৈছে এই আজৱ ঘটনাটো। সুৰুজ আলীৰ ঘৰৰ চোতালত থকা পুৰণি গছৰ মুঢ়া এটা খান্দি থাকোতেই মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে ২৪ টাকৈ পৌৰাণিক মুদ্ৰা সদৃশ মেডেল।

উক্ত মেডেল কেইটা উদ্ধাৰৰ পিছতেই অঞ্চল জুৰি চাঞ্চ্যলৰ সৃষ্টি হৈছে।এই মেডেলবোৰৰ বিষয়ে কোনেও সঠিকভাৱে ক’ব পৰা নাই যদিও মেডেলবোৰত General Service of India, Naga Hills ,Long Service, Sangram আদি লিখা প্ৰত্যক্ষ কৰি বহুতে সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰা মেডেল বুলি সন্দেহ ব্যক্ত কৰিছে।

পাছত সুৰুজ আলীয়ে উদ্ধাৰ হোৱা সন্দেহযুক্ত মেডেলৰ বিষয়ে আৰক্ষী থানাত খবৰ দিয়াত ৰৌতা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰি লৈ আহে। আৰক্ষীয়ে সন্দেহযুক্ত মেডেল কেইটা আজি পুৰাতত্ব বিভাগক গতাই দিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

আনহাতে, মুদ্ৰা সদৃশ বস্তু কেইটা কি আৰু উক্ত স্থানৰ মাটিৰ তলত কেনেকৈ আহিল সেয়া আৰক্ষী তথা বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।