লকডাউনৰ সময়ত অনুমতিপত্ৰ অবিহনে গোৱালৈ যাত্ৰা কৰি আটক হ’ল এইজন নৱাগত ক্ৰিকেট তাৰকা!
(ফটো : এক স্থানীয় সংবাদপত্ৰ)
লকডাউন চলি থকাৰ সময়তে কোনোধৰণৰ অনুমতি নোহোৱাকৈ গাড়ী চলাই যাত্ৰা কৰাৰ বাবে আৰক্ষীয়ে আটক কৰে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ক।
মুম্বাইৰ কোলহাপুৰ হৈ গোৱালৈ ৰাওনা হৈছিল টীম ইণ্ডিয়াৰ নৱাগত তাৰকাজন।
কিন্তু মহাৰাষ্ট্ৰৰ অম্বোলিত আৰক্ষীয়ে সোধ-পোচ কৰাত ভ্ৰমণৰ অনুমতিপত্ৰ দেখাব নোৱাৰিলে পৃথ্বীয়ে।
পৃথ্বীৰ স’তে গাড়ীত কেইবাজনো বন্ধুও আছিল।
ঘটনাটো ঘটে বৃহস্পতিবাৰে দিনৰ চাৰে এঘাৰ বজাচ।
আৰক্ষীয়ে পৃথ্বী আৰু বন্ধুসকলৰ স্বাস্থ্য পৰীক্ষা কৰে।
তাৰপাছতে অম্বোলিত আটক হৈ থকাৰ সময়তে অনলাইনযোগে অনুমতি পত্ৰৰ আবেদন কৰে ক্ৰিকেটাৰজনে।
এক ঘণ্টাৰ পাছতে অনুমতি পত্ৰ লাভ কৰে আৰু গোৱা অভিমুখে অৱসৰ বিনোদনৰ বাবে ৰাওনা হয়।