NORTHEAST NOW (Assamese)

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

January 27, 2023 9:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 27, 2023 9:51 pm

অব্যাহত আছে কংগ্ৰ্ছৰ ভাৰত জোড়ো যাত্ৰা। বৰ্তমান জন্মু কাশ্মীৰৰ মাজেৰে চলি থকা ভাৰত জোড়ো যাত্ৰা অহা ৩০ জানুৱাৰীত সামৰণি পৰিব। ব্যাপক জনসমৰ্থনৰ মাজেৰে আগবাঢ়ি যোৱা ‎কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাত আজি অংশ গ্ৰহণ কৰে জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ‎তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।

ৰামবন জিলাৰ বানিহালৰ পৰা ভাৰত জোড়ো ‎যাত্ৰাৰ নেতৃত্ব বহন কৰা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সংগ দিয়ে ওমৰ আব্দুল্লাই। ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত প্ৰায় দুই কিলোমিটাৰ ‎পদযাত্ৰা কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

যাত্ৰাত অংশ লৈ আব্দুল্লাই কয়, “দিল্লীয়ে আমাৰ কথা শুনা নাপায়। কাশ্মীৰী ‎পণ্ডিতৰ পৰিয়ালৰ সন্তানৰ বাবে ৰাহুল গান্ধী আজি ইয়ালৈ আহিছে আৰু আমি তেওঁক আদৰণি ‎জনাইছো।”‎

শ্ৰীনগৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ পিছতে ‎ৰাষ্ট্ৰীয় সন্মিলনৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য ৰাহুল ‎গান্ধীৰ ভাবমূৰ্তি উজ্জ্বল কৰা নহয় বৰঞ্চ দেশৰ পৰিস্থিতি উন্নত কৰাহে।

আব্দুল্লাই লগতে কয় যে তেওঁ দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই এই যাত্ৰাত যোগদান ‎কৰিছে। জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতাগৰাকীয়ে লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে।

আব্দুল্লাৰ অভিযোগ মতে, কেন্দ্ৰীয় চৰকাৰে হয়তো আৰব দেশৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে কিন্তু বাস্তৱ ‎পৰিস্থিতিত এই চৰকাৰত দেশৰ সৰ্ববৃহৎ সংখ্যালঘুৰ কোনো প্ৰতিনিধি নাই।

দেশে স্বাধীনতা লাভ কৰাৰ পিছত ‎প্ৰথমবাৰৰ বাবে লোকসভা বা ৰাজ্যসভাত মুছলমানক প্ৰতিনিধিত্ব কৰিব পৰা শাসকীয় দলৰ ‎কোনো সাংসদ নাই বুলি মন্তব্য কৰি আব্দুল্লাই এই দিশটোৱে চৰকাৰৰ মনোভাৱ ফুটাই তুলিছে বুলি অভিযোগ কৰে।

Related News