NORTHEAST NOW (Assamese)

ভগ্নীৰ বিয়াত উপস্থিত থাকিবলৈ ওমৰ খালিদৰ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

December 12, 2025 2:41 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা মৰ খালিদক চলিত মাহৰ শেষৰ ফালে ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ২০২০ চনৰ দিল্লী সংঘৰ্ষ গোচৰৰ শুনানিৰ সময়ত কাৰ্কাৰডুমা আদালতত এই নিৰ্দেশ দিয়া হয়

উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ সৈতে জড়িত মৰ খালিদ ইউএপিএৰ অধীনত ৫ বছৰতকৈ অধিক সময় কাৰাগাৰত বন্দী হৈ আছে।

ন্যায়াধীশ সমীৰা বাজপেয়ীয়ে খালিদক ২০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু একে পৰিমাণৰ ধনৰ দুখন জামিন প্ৰদান কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এই জামিন ১৬ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে বৈধ থাকিব

আদালতে খালিদৰ ওপৰতো কিছুমান চৰ্ত আৰোপ কৰিছে তাৰ ভিতৰত তেওঁক কোনো সাক্ষী বা গোচৰৰ সৈতে জড়িত কোনো লোকৰ সৈতে যোগাযোগ নকৰিবলৈ কোৱা হৈছে, তদন্তকাৰী বিষয়াক তেওঁৰ মোবাইল নম্বৰ দিবলৈ কোৱা হোৱাৰ লগতে জেললৈ ঘূৰি অহালৈকে তেওঁৰ ফোনটো চুইচ অন কৰি ৰাখিবলৈ কোৱা হৈছে

লাইভ লৰ মতে, আদালতে কয় যে, “অন্তৱৰ্তীকালীন জামিনৰ সময়ছোৱাত আবেদনকাৰীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰ নকৰে। এই সময়ছোৱাত তেওঁ কেৱল পৰিয়ালৰ সদস্য, আত্মীয়, আৰু বন্ধু-বান্ধৱীকহে লগ পাব। তেওঁ নিজৰ ঘৰত বা বিয়াৰ অনুষ্ঠান অনুষ্ঠিত হবলগীয়া স্থানত থাকিব।”

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত মৰক পৰিয়ালৰে এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ কাৰ্কাৰডুমা আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

উল্লেখ্য যে ২০২০ চনত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ বৃহত্তৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ইউএপিএ (বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন)ৰ অধীনত মৰ খালিদ, শ্বাৰ্জিল ইমাম, গুলফিছা ফাতিমা, আৰু মীৰণ হাইদৰৰ বিৰুদ্ধে পাঁচ বছৰতকৈ অধিক সময় কাৰাগাৰত বন্দী হৈ আছে।

ইফালে, উচ্চতম ন্যায়ালয়ত বুধবাৰে দিল্লী আৰক্ষীয়ে যুক্তি সম্পূর্ণ কৰাৰ পাছত অভিযুক্তৰ জামিন আবেদন সন্দর্ভত বিচাৰপীঠে নিজৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছে৷ আদালতে কয় যে ১৯ ডিচেম্বৰত শীতকালীন ছুটীৰ পূৰ্বে নিজৰ সিদ্ধান্ত দাখিল কৰিব বিচাৰিছে।

Related News