NORTHEAST NOW (Assamese)
দেশ

দিল্লীত ক’ভিদৰ নমুনা পৰীক্ষাৰ ৮৪ শতাংশতেই পোৱা গৈছে অ’মিক্ৰণ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2022 4:09 pm
Omicron

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতীন্দৰ জৈনে প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য। তেওঁ আজি কয় যে দিল্লীত পৰীক্ষা কৰা ক’ভিদ-১৯ নমুনাৰ ৮৪ শতাংশতেই অ’মিক্ৰন প্ৰকাৰ ধৰা পৰিছে।

স্বাস্থ্য মন্ত্ৰী সতীন্দৰ জৈনে সংবাদ সংস্থা PTI ক জনোৱা অনুসৰি ৩০-৩১ ডিচেম্বৰৰ জিনোম অনুক্ৰম প্ৰতিবেদনত ৮৪ শতাংশ নমুনাত অ’মিক্ৰন পোৱা গৈছে।

উল্লেখ্য যে অতি সংক্ৰামক হিচাপে চিহ্নিত কৰা অ’মিক্ৰন প্ৰকাৰটো ভাৰতৰ ২৩ খন ৰাজ্যলৈ বিয়পি পৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১০ জন অ’মিক্ৰণত আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীত দ্বিতীয় সৰ্বাধিক ৩৫১ জনৰ শৰীৰত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে।

স্বাস্থ্য মন্ত্ৰী জৈনে লগতে চৰকাৰী চিকিৎসালয় আৰু ক্লিনিকসমূহত চিকিৎসা কৰ্মচাৰীৰ কোনো অভাৱ নাই বুলি সদৰী কৰে।

আনহাতে যদিও সংক্ৰমণ বৃদ্ধি পাইছে, বহুলোকৰ ৰোগ গুৰুতৰ হোৱা নাই বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজনীয়তা অহা নাই বাবে পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।