NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আৰম্ভ হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান প্ৰক্ৰিয়া, কেতিয়া, কোনে পাব এই ভেকচিন?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 3, 2022 4:25 pm
-covid-vaccine

কোভিডে দেশ জুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে আজি দেশৰ আন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰা হয় ১৫-১৮ বছৰৰ সকলৰ বাবে ভেকচিন প্ৰদান প্ৰক্ৰিয়া।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১০ জানুৱাৰীৰ পৰা কোভিডৰ ফ্ৰণ্টলাইন কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলক কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান কৰা হ’ব।

এই সকল লোকৰ ভিতৰত চিকিৎসক, নাৰ্চ, অংগনৱাড়ী কৰ্মী, আশা কৰ্মী, আৰক্ষীৰ লোক, চিআৰপিএফৰ লোক আদি থাকিব ।

মুখ্যমন্ত্ৰীয়ে কয় যে সকলো স্বাস্থ্য কৰ্মী আৰু ফ্ৰণ্ট লাইন কৰ্মীকেই কোভিড ভেকচিনৰ তৃতীয়টো ভেকচিন বুষ্টাৰ ডজ হিচাবে প্ৰদান কৰা হ’ব।

এই ক্ষেত্ৰত বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা ন’হব।

টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই কথাও প্ৰকাশ কৰিছে যে আন ৰোগত আক্ৰান্ত জ্যেষ্ঠ নাগৰিকসকল, যিসকলে দ্বিতীয়টো ভেকচিন গ্ৰহণৰ ৯ মাহ হৈ গৈছে তেওঁলোককো ১০ জানুৱাৰীৰ পৰা কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান কৰা হ’ব।

তেওঁ লগতে কয় যে ১৫-১৮ বছৰৰ ভিতৰৰ সকলক দুমাহৰ ভিতৰতে কোভিডৰ দুয়োটা ভেকচিনেই প্ৰদান কৰা হ’ব যাতে তেওঁলোকে সুকলমে আগন্তুক পৰীক্ষাসমূহত অৱতীৰ্ণ হ’ব পাৰে।