NORTHEAST NOW (Assamese)

গৃহবন্দী সকলৰ বাবে মনোৰঞ্জনৰ উপহাৰ; শনিবাৰৰ পৰা পুনৰ সম্প্ৰচাৰিত হ’ব ৰামায়ণ

March 27, 2020 11:49 am · এন ই নাও নিউজ
Updated: March 27, 2020 11:53 am

ক’ৰ’নাৰ বাবে অহা ১৪ এপ্ৰিললৈকে লকডাউন চলিব সমগ্ৰ ভাৰতবৰ্ষত। লকডাউনৰ সময়ছোৱাত গৃহবন্দী জনতাৰ বাবে সময় অতিবাহিত কৰাটো একপ্ৰকাৰ বিৰক্তিকৰ তথা কঠিন হৈ পৰিছে।

গৃহবন্দী জনতাৰ কথা চিন্তা কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে আজি এটা ডাঙৰ ঘোষণা কৰিছে। দূৰদৰ্শনত ৰামানন্দ সাগৰৰ মেগা ধাৰাবহিক ‘ৰামায়ণ’ পুনৰ এবাৰ সম্প্ৰচাৰিত হ’ব।

মন্ত্ৰী জাভেদকাৰে টুইটযোগে কয়, ‘জনতাৰ দাবীৰ প্ৰতি সহাৰি জনাই শনিবাৰ অৰ্থাৎ ২৮ মাৰ্চৰ পৰা দূৰদৰ্শনৰ নেশ্যনেল চেনেলত ৰামায়ণ পুনৰ সম্প্ৰচাৰিত কৰা হ’ব। প্ৰথম এপিছ’ড ৰাতিপুৱা ৯ বজাত আৰু দ্বিতীয় এপিছ’ড নিশা ৯ বজাত’।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ২১ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে ৰামায়ণ আৰু মহাভাৰত পুনৰ সম্প্ৰচাৰৰ বাবে দাবী উত্থাপন কৰিছিল।

সুদীৰ্ঘ ৩২ বছৰৰ মূৰত দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰিত হ’ব লগীয়া ৰামানন্দ সাগৰৰ ৰামায়ণ কেইবাটও কাৰণৰ বাবে স্মৰণীয়। ৰামায়ণত অভিনয় কৰা প্ৰত্যেকগৰাকী অভিনেতা-অভিনেত্ৰী আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে।

এইখনৰ পিছত বহুবাৰ বেলেগ ৰূপত ৰামায়ণ নিৰ্মাণ কৰা হৈছিল যদিও ৰামানন্দ সাগৰৰ ৰামায়ণৰ দৰে মাদকতা কোনেও দিব পৰা নাছিল।

উল্লেখ্য যে ৰামায়ণত মুখ্য চৰিত্ৰত অভিনয় কৰা অৰুণ গোবিল, দিপীকা চিখলিয়া, সুনীল লেহৰি আদিক বাস্তৱত আজিও দৰ্শকে ভগৱানৰ মৰ্যাদা দিয়ে।

Related News