NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়া প্ৰদৰ্শনৰ নামত উদ্ভণ্ডালি; আৰক্ষীৰ জালত ফুলকান আলী

September 12, 2019 11:26 am · এন ই নাও নিউজ
আটক হোৱা ফুলকান আলী

মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত একাংশ উন্মত্ত লোকে তাজিয়া প্ৰদৰ্শনৰ নামত পথত ৰখাই থোৱা বাহনৰ ক্ষতিসাধন কৰি চৰম উদ্ভণ্ডালি প্ৰদৰ্শন কৰি এক অস্থিৰ আৰু আতংকময় পৰিস্থিৰ সৃষ্টি কৰাৰ পাছত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা এজন যুৱকক আটক কৰে।

আৰক্ষীয়ে আটক কৰা যুৱকজন ফুলকান আলী(২৪) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে বুধবাৰে ডিব্ৰুগড়ৰ মিৰজাবাগৰ পৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ১০ ছেপ্তেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে ১৫২৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ৰাজপথত মহৰমৰ দিনাখন তাজিয়া প্ৰদৰ্শনৰ নামত একাংশ লোকে প্ৰদৰ্শন কৰা উদ্ভণ্ডালিক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকসকলে।

ডিব্ৰুগড়ৰ জনসাধাৰণে এই ক্ষেত্ৰত শীঘ্ৰই আৰক্ষী আৰু জিলা প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে।

Related News