NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসত চহিদ ভাস্কৰ কলিতালৈ আৰক্ষীৰ সাহসিকতা বঁটা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 14, 2019 4:20 pm
Bhaskar Kalita

অসম আৰক্ষীৰ বীৰ জোৱান তথা উপ পৰিদৰ্শক ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  আৰক্ষী সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।

ভাস্কৰ কলিতাৰ লগতে অসম আৰক্ষীত কৰ্তব্যৰত আন ১২ গৰাকী আৰক্ষীৰ নাম আৰক্ষী বিভাগত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ কাৰণে বিশেষ বঁটাৰ বাবে প্ৰকাশ  কৰা হয়।

অহাকালি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিবলগীয়া স্বাধীনতা দিৱসত ভাস্কৰ কলিতাৰ হৈ পৰিয়ালৰ লোকে বঁটা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত ২০১৮ বৰ্ষৰ ৪ মে’ত আলফা (স্বাধীন)ৰ সৈতে হোৱা সংঘৰ্ষত চহিদ হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতা।

উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত ভাস্কৰ কলিতা বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল।

আলফা স্বাধীনৰ কেডাৰৰ সৈতে সাহসেৰে যুঁজ দি মৃত্যুক আকোৱালি লোৱা সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাই পৰিধান কৰা বুলেটপ্ৰুফ জেকেট অতি নিম্ন পৰ্যায়ৰ আছিল বুলি পৰৱৰ্তী সময়ৰ তদন্তত প্ৰকাশ পাইছিল।