NORTHEAST NOW (Assamese)

ভাৰতীয় দলৰ ক্ৰিকেটাৰক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

August 20, 2019 10:34 pm · এন ই নাও নিউজ
গ্ৰেপ্তাৰ হোৱা মৰিগাঁৱৰ যুৱকজন

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈক হত্যাৰ ভাবুকি দিয়াৰ অপৰাধত আজি মৰিগাঁৱৰ পৰা এজন যুৱকক মহাৰাষ্ট্ৰ এণ্টি-টেৰৰিজম স্কোৱাড (এ টি এছ)এ গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত যুৱকজনক ব্ৰজমোহন দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁ মৰিগাঁও জিলাৰ ধৰমটুল অঞলৰ বাসিন্দা।

প্ৰাপ্ত তথ্য মতে, ব্ৰজমোহন দাসে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন পৰিষদলৈ (বি চি চি আই) ই-মেইল যোগে ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰক হত্যাৰ ভাবুকি দিছিল।

পিছত এই সম্পৰ্কত এটা অভিযোগৰ ভিত্তিত মহাৰাষ্ট্ৰ এণ্টি-টেৰৰিজম স্কোৱাডৰ এটা দল আহি আজি যুৱকজনক মৰিগাঁৱৰ তেওঁৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

অৱশ্যে যুৱকজনে হত্যাৰ ভাবুকি দিয়া ক্ৰিকেটাৰ গৰাকীৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Related News