NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ৰে’লৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে এজনে

Posted by: মিণ্টু দাস January 20, 2019 9:54 pm
train

নগাঁৱৰ শিয়ালমাৰিত আজি পুৱা সংঘটিত শোকাৱহ ঘটনাত ৰে’লৰ খুন্দাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাব লগা হয়। নিহত লোকজনক আমিনপট্টিৰ চামচুল ৰহমান (৭০) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চামচুল ৰহমান শিয়ালমাৰীৰ ৰে’লৰ লাইনত বহি আছিল। জানিব পৰা মতে চামচুল ৰহমান মানসিকভাবে বিকাৰগ্ৰস্ত আছিল, ৰে’ল ওচৰ চাপি অহাৰ পিছতো লোকজনে ৰে’ললাইনৰ পৰা উঠি যোৱা নাছিল।

যাৰ ফলত শিলঘাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা শিলঘাট এক্সপ্ৰেছৰ খুন্দাত মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজন থিতাতে নিহত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।