NORTHEAST NOW (Assamese)

Assam flood তামুলপুৰ অঘটন, মাছ মাৰিবলৈ গৈ পানীত পৰি এজনৰ মৃত্যু

June 16, 2022 2:14 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
Updated: June 16, 2022 2:19 pm

তামুলপুৰ জিলাৰ কুমাৰীকাটাত অঘটন।

বানপানীৰ মাজতে মাছ মাৰিবলৈ গৈ পানীত পৰি এজন লোকৰ কৰুণ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

মৃত্যু হোৱা লোকজনৰ নাম ইছলাম আলী। তেওঁৰ বয়স ষাঠি বছৰ ।

মৃত লোকজনৰ ঘৰ কুমাৰীকাটাৰ বাঁহবাৰীত।

মাছ মাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ইছলাম আলী।

পিছত স্থানীয় ৰাইজে ঘৰৰ নাতি দূৰৈত এটি নলাৰ পানীত পৰি মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।

পিছত কুমাৰীকাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Related News