NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 3, 2021 2:32 pm
Accident-750x375-1-1

বুধবাৰে পুৱা গোলাঘাটৰ ৰঙাজান অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’য়। ৰঙাজান ডনবস্ক’ স্কুলৰ দুজন ছাত্ৰক থবলৈ অহা অৱস্থাত সংঘটিত হ’য় এই দুৰ্ঘটনাটো।

প্ৰচণ্ড বেগেৰে অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে স্কুটীত অহা দুই ছাত্ৰসহ আৰোহীজনক।

দুৰ্ভাগ্যজনভাৱে স্কুটী আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে আহত ছাত্ৰ দুয়োজনকে ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে।

মৃত লোকজন ১ নং কোৱানী গাঁৱৰ মিথুৱেল তাৰ আৰু আহত ছাত্ৰদ্বয় বৰ্তমান সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে  দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে অধিক বোজা কঢ়িয়াই অনাৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে।

যিহেতু দুখনকৈ বিদ্যালয় থকা ৰঙাজানৰ এই পথছোৱা অতি ব্যস্ততাপূৰ্ণ হোৱাৰ বাবে প্ৰায়েই পথ দুৰ্ঘটনা হৈ আহিছে, তেনেক্ষেত্ৰত এনেদৰে বোজা কঢ়িয়াই নিয়া ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাত পৰিবহন বিভাগৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলবাসীয়ে।