NORTHEAST NOW (Assamese)

কপিলী জলবিদ্যুত প্ৰকল্পৰ পাৱাৰ হাউচত আবদ্ধ এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

October 21, 2019 4:38 pm · এন ই নাও নিউজ
কপিলী জলবিদ্যুত প্ৰকল্পত উদ্ধাৰহোৱা এগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ সময়ত

ডিমা হাচাও জিলাৰ উমৰাংচুস্থিত নীপক’ৰ কপিলী জলবিদ্যু প্ৰকল্পৰ পাইপলাইনত ৬ অক্টোবৰত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ ফলত প্ৰকল্পটোৰ পাৱাৰ হাউচত আবদ্ধ হৈ থকা চাৰিগৰাকী বিষয়া-কৰ্মচাৰীৰ ভিতৰত এগৰাকীৰ মৃতদেহ আজি উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আজি দিনৰ প্ৰায় ১২ বজাত উদ্ধাৰ হোৱা মৃতদেহটো জয়ছিং টিছোৰ বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহটো উদ্ধাৰকাৰী এছ ডি আৰ এফৰ দলে উমৰাংচু আৰক্ষীৰ হাতত গটাই দিছে।

উল্লেখোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা প্ৰকল্পটোৰ পাৱাৰ হাউচত আঠজনীয়া বিষয়া আৰু কৰ্মচাৰীৰ এটা দলৰ কৰ্তব্যৰত আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চাৰিগৰাকী লোক পাৱাৰ হাউচৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও জন টি ন্বামলাই, ৰাজু ৰেড্ডি, জয়ছিং টিছো আৰু প্ৰেমলাল বাল্মিকী নামৰ চাৰিগৰাকী বিষয়া আৰু কৰ্মচাৰী পাৱাৰ হাউচৰ ভিতৰতে আবদ্ধ হৈ পৰে।

আজি জয়ছিং টিছোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পাৱাৰ হাউচটোৰ ভিতৰত আবদ্ধ হৈ থকা আৰু তিনিগৰাকী লোক উদ্ধাৰ হ’বলৈ বাকী আছে।

উদ্ধাৰকাৰী দলে আবদ্ধ হৈ থকা লোক তিনিগৰাকীক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উমৰাংচুস্থিত নীপক’ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনত সংঘটিত জলবিস্ফোৰণৰ পাছত নীপক’ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ভি কে সিঙে ১৫ অক্টোবৰত এই দুৰ্ঘটনাৰ ফলত নীপক’ৰ প্ৰায় ৬০০ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয় বুলি উল্লেখ কৰিছিল।

সঞ্চালকগৰাকীয়ে আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ৯০ জনীয়া এটা উদ্ধাৰকাৰী দল নিয়োগ কৰা বুলিও জনাইছিল।

Related News