NORTHEAST NOW (Assamese)

নাগ্ৰীজুলিৰ বগামাটিত অঘটনঃ বৰনদীত সাঁতুৰিবলৈ গৈ উটি গল এজন প্ৰাক্তন সৈনিক

June 13, 2022 8:33 am · দীপক কুমাৰ পাঠক , তামুলপুৰ

ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদী সাঁতুৰি পাৰ হবলৈ যাওঁতে নৈৰ কোৱাল সোঁতে উটুৱাই নিয়ে এজন লোকক।

লোকজন তামুলপুৰ জিলাৰ মহৰিপাৰা নিবাসী প্ৰাক্তন সৈনিক ৩৫ বছৰীয়া থানেশ্বৰ বড়ো।

থানেশ্বৰ বড়োয়ে কেইগৰাকীমান বন্ধুৰ সৈতে ভাৰত- ভূটান সীমান্তৰ পৰ্যটনথলী বগামাটিলৈ ফুৰিবলৈ গৈছিল। ফুৰিবলৈ গৈ আন চাৰিগৰাকী বন্ধুৰ লগত খৰস্ৰোতা নৈখন সাঁতুৰি পাৰ হবলৈ চেষ্টা কৰোঁতেই এই অঘটন সংঘটিত হয়।

 আন চাৰি গৰাকী বন্ধুৱে কোনোমতে নৈখন পাৰ হৈ যায় যদিও থানেশ্বৰক নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায়।

ইতিমধ্যে নাগ্ৰীজুলি আৰু সুৱাগপুৰ আৰক্ষীৰ সহযোগত এছডিআৰএফৰ দল এটা নৈৰ বুকুত উদ্বাৰ অভিযান অব্যাহত ৰাখিছে যদিও কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।

বগামাটিৰ পৰা নাগ্ৰীজুলিলৈ ইতিমধ্যে নদীৰ বুকুত অভিযান চলাই থকা হৈছে। আজি পুনৰ নাগ্ৰীজুলিৰ পৰা ঢেকীপোতালৈ অভিযান চলাব দলটিয়ে।

Related News