NORTHEAST NOW (Assamese)

তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নাৰ্ছৰ ৪ গৰাকী আহত

December 18, 2018 8:15 pm · প্ৰফুল্ল কামান
প্ৰতিনিধিত্বমূলক ফটো

তেজপুৰত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাই থিতাতে মৃত্যুক সাবটিবলগীয়া হয়। নিহত মহিলা গৰাকীক ধনদা মৰাং কুলী বুলি চিনাক্ত কৰা হৈছে।

নিহত ধন্যদা মৰাং কুলী ধেমাজি জিলাৰ জোনাই ব্লকৰ ৰামধন জনস্বাস্থ্য কেন্দ্ৰত ষ্টাফ নাৰ্ছ (জি এন এম) হিচেপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। আনহাতে তেওঁৰ উপৰি উক্ত দুৰ্ঘটনাটোত আন চাৰি গৰাকী নাৰ্ছেও কম-বেছি পৰিমানে আঘাটপ্ৰাপ্ত হয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা পাঁচ গৰাকী নাৰ্ছ কঢ়িয়াই অনা এখন অট’ ৰিক্সা তেজপুৰ ৰে’লৱে ষ্টেশ্যনৰ দিশত গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

আহত আন চাৰি গৰাকী নাৰ্ছক নীলাক্ষী দেউৰি, ৰুমী চুতিয়া, জুনুমণি দেউৰি আৰু অনুমিটা দেৱী বুলি চিনাক্ত কৰা হৈছে।

Related News