NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন; ফেৰীৰ পৰা পিছলি পৰি সন্ধানহীন এজন লোক

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ June 4, 2019 6:48 pm
Screenshot_20190604-175721_Video Player

মাজুলীৰ পৰা যোৰাহাটলৈ আভিমুখে আহি থকা এখন ফেৰীত আজি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ফেৰীখনত কৰ্মৰত এগৰাকী কৰ্মচাৰী অসাৱধনতাবসত পিছলি পৰে ব্ৰহ্মপুত্ৰৰ গভীৰ বুকুত। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱা ব্যক্তিগৰাকীৰ নাম কিৰণ দাস বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী। সন্ধানহীন হৈ থকা কিৰণ দাসৰ ঘৰ বনগাঁও যোগী কৈৱৰ্ত গাঁৱত। আজি দুপৰীয়া ২.৩০ বজাত অফলামুখ ফেৰীঘাটৰ পৰা নিমাতিঘাট অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰীবাহী ফেৰীখনে।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা কৰ্মাচাৰীগৰাকীক বিচাৰি এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে তীব্ৰ অভিযান আৰম্ভ কৰিছে। অতি দুখৰ বিষয় যে দিনৰ দুই বজাত যুৱকজন সন্ধানহীন হৈ থকাৰ পাছত বিয়লি ৪ বজাত হে এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়।

আনহাতে, ফেৰীখনত কৰ্মৰত ২০ বছৰীয়া যুৱক এজন এনেদৰে ফেৰীখনৰ পৰা পিছলি পৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হ’বলগীয়া ঘটনাই যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা অন্যতম ব্যস্ত ঘাট ‘অফলামুখ’ চলাই থকা লেচি সকলে পূৰ্বৰ পৰাই মইমতালিৰে জিলা প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি অধিক বোজা কঢ়িওৱাৰ ফলতেই আজি এনেধৰনৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।