NORTHEAST NOW (Assamese)
অসম

হাজোত পিষ্টল দেখুৱাই ধন কঢ়া যুৱকক ৰাইজৰ উত্তম-মধ্যম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 6:50 pm

কামৰূপ জিলাৰ হাজোত আজি দিন দুপৰতে বেংকৰ গ্ৰাহকৰ পৰা ধন কাঢ়ি নিয়া এগৰাকী ডকাইত ৰাইজৰ হাতত বেয়াকৈ প্ৰহাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হাজোৰ পাখামেলাত থকা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত এই ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে গ্ৰাহক সেৱা কেন্দ্ৰটোলৈ অহা এজন লোকৰ পৰা পিষ্টল দেখুৱাই এজন যুৱকে দুই লাখ কাঢ়ি লয়। অৱশ্যে ধনসহ যুৱকজনে তাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই ঘটনাস্থলীত উপস্থিত ৰাইজে খেদি খেদি ডকাইতৰূপী যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকজনৰ নাম হাকিম আলী বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ হাজোৰ শনিয়াদীত।

ৰাইজে হাকিম আলীক কৰায়ত্ত কৰি উত্তম মধ্যম সুধাই পিছত আৰক্ষীক গতাই দিয়ে।