NORTHEAST NOW (Assamese)
অসম

ভোটাধিকাৰ সাব্যস্ত কৰাটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰতিগৰাকী নাগৰিকৰ নৈতিক দায়িত্ব : যাদৱ পায়েং

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 16, 2021 8:21 pm

ভোটদাতাসকলক ভোটদানৰ প্ৰতি অধিক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত SVEEP-ৰ অধীনত গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ব্যাপক সজাগতা অভিযান চলোৱা হয়।

গোলাঘাটৰ তিনিটা শিক্ষানুষ্ঠান ক্ৰমে- হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আজি সৰস্বতী পূজাৰ দিনটোতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এই সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ, অৰণ্য মানৱৰূপে খ্যাত তথা পদ্মশ্ৰী যাদৱ পায়েঙে অংশ লৈ অংশগ্ৰহণকাৰীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

‘ভোট দিয়াটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোজন নাগৰিকৰ বাবে কেৱল কৰ্তব্যই নহয়, বৰং ই এটা নৈতিক দায়িত্ব’ যাদৱ পায়েঙে কয়।
প্ৰতিজন নাগৰিকে ভোটদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভেঁটি শক্তিশালী কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

তেওঁ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকক কেৱল নিজেই নহয়, ঘৰৰ জ্যেষ্ঠজনকো ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু জিলা প্ৰশাসনৰ ভালেমান বিষয়ববীয়া উপস্থিত আছিল।