NORTHEAST NOW (Assamese)
Popular Stories

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভানেত্ৰীৰূপে নিৰ্বাচিত হৈ ইংলেণ্ডত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ছাত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 8:30 pm
index.jpgaaa

ইংলেণ্ডত ইতিহাস ৰচিছে এগৰাকী ভাৰতীয় ছাত্ৰীয়ে।

সমগ্ৰ বিশ্বৰে বিখ্যাত উচ্চ শিক্ষানুষ্ঠান ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতীয় এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংসদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে।

বিশ্বৰ এই বিখ্যাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ সংসদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হোৱা ছাত্ৰীগৰাকী হৈছে ৰশ্মি চাৱন্ত।

ৰশ্মি চাৱন্ত হৈছে দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ প্ৰাক্তন ছাত্ৰী। প্ৰযুক্তি বিদ্যাৰ এই উচ্চ শিক্ষানুষ্ঠানখনৰ পৰাই ৰাশ্মি চাৱন্তে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা আৰম্ভ কৰিছিল।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত মেধাৱী ভাৰতীয় ছাত্ৰীগৰাকীয়ে নিজকে কেৱল অধ্যয়নতে সীমাৱদ্ধ নাৰাখি ছাত্ৰ ৰাজনীতিতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।

ছাত্ৰ ৰাজনীতিত অতি সক্ৰিয়া হোৱাৰ বলতেই ভাৰতীয় ছাত্ৰীগৰাকীয়ে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভানেত্ৰীৰূপে নিৰ্বাচিত হৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ইতিহাস ৰচনা কৰিলে।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰশ্মি চাৱন্তে নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ১৯৯৬ টা ভোটত পিছ পেলাই বিজয়ী লাভ কৰিছে।

ছাত্ৰ সংসদৰ নিৰ্বাচনত ভাৰতীয় ছাত্ৰীগৰাকীয়ে সমকামী, ৰূপান্তৰকামী, সমানাধিকাৰ প্ৰতিষ্ঠা অৰ্থাৎ লিংগ বৈষম্য দূৰীকৰণ, শিক্ষাক্ষেত্ৰত সাম্ৰাজ্যবাদী মনোভাৱ ত্যাগ আদি দাবীক ইছ্যু হিচাপে দাঙি ধৰিছিল।

ৰশ্মিৰ চাৱন্তে উত্থাপন কৰা এই মৌলিক ইছ্যুবোৰৰ বাবেই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত সাফল্য লাভ কৰিলে বুলি চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদলৈ কোনো ভাৰতী শিক্ষাৰ্থীয়ে নিৰ্বাচিত হোৱা নাছিল। ৰশ্মি চাৱন্তৰ এই বিজয়ে সেয়ে ইতিহাস ৰচনা কৰা বুলি আখ্যা দিছে ভাৰতীয় সংবাদ মাধ্যমে।