NORTHEAST NOW (Assamese)
অসম

চামগুৰিত এগৰাকী ব্যক্তি সন্ধানহীন হোৱাক লৈ পৰিয়ালৰ সদস্যৰ মাজত উৎকণ্ঠা

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 29, 2019 2:03 pm
Missing

চামগুৰিৰ নিকটবৰ্তী লতাবোৱাত এজন লোক সন্ধানহীন হোৱা ঘটনাৰ ফলত এতিয়া সন্ধানহীন লোকজনৰ পৰিয়ালৰ সদস্যসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

শাৰীৰিকভাৱে কিছু বাধাগ্ৰস্ত সন্ধানহীন হোৱা লোকজনৰ নাম নিতুল শইকীয়া। এখন চাইকেলেৰে ঘৰৰ পৰা ওলাই অহা প্ৰায় ৪৮ বছৰ বয়সৰ নিতুল শইকীয়া নামৰ শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত লোকজন যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে।

লোকজন সন্ধানহীন হোৱাকলৈ পৰিয়ালটোৰ সদস্যসকলৰ উৎকণ্ঠাময় পৰিবেশৰ সৃষ্টি হৈছে। তেওঁলোকে সন্ধানহীন নিতুল শইকীয়া সুকলমে ঘৰলৈ উভতি অহাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শুকুৰবাৰে বিয়লি ৰূপহীহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

৫.৪ ফুট উচ্চতাৰ, লং পেন্ট আৰু চাৰ্ট পৰিহিত ব্যক্তিজনৰ সম্ভেদ কোনো সদাশয় লোকে পালে ৯৭০৬৭৫০৩০২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।