NORTHEAST NOW (Assamese)
অসম

অসম-নাগালেণ্ড সীমান্তৰ পূৰ্ণ লাহৰীজানত চাৰিজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ, ৰাইফলসহ জব্দ অস্ত্ৰ-শস্ত্ৰ

Posted by: ৰূপজ্যোতি মহন্ত Updated by: ৰূপজ্যোতি মহন্ত June 29, 2019 1:07 pm
Poachers-750x375

অসম-নাগালেণ্ড সীমান্তৰ পূব কাৰ্বি আংলঙৰ পূৰ্ণ লাহৰীজান অঞ্চলৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে এটা সন্দেহজনক চোৰাংচিকাৰীৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বাতৰি অনুসৰি, চাৰিজন সন্দেহযুক্ত চোৰাং চিকাৰীৰ দলটোৱে এখন মাৰুতি গাড়ীৰে গৈ থকা অৱস্থাত দিল্লাই আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্ণ লাহৰীজান আন্ত:ৰাজ্যিক আৰক্ষী নিৰীক্ষণ চকীত নিয়মীয়া তালাচীৰ সময়ত ৰখায়।

গাড়ীখনৰ ভিতৰত তালাচী চলাই আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা ‘২২ কেলিবাৰৰ ৰাইফলৰ লগতে ৮০ টা সজীৱ গুলী, ১২ ব’ৰ ৰাইফলৰ ২০ জাই গুলী, ফটকা, তিনিটা টৰ্চ লাইট আৰু কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰে।

দিল্লাই আৰক্ষীয়ে চলোৱা প্ৰাথমিক অনুসন্ধানত তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰা ৰাইফল চোৰাং চিকাৰৰ উদ্দেশ্যেই লগত ৰখা বুলি ঠাৱৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোককেইজনক বিনোদ বসুমতাৰী, আখতা টেছো, ছচেট হম আৰু আখপা বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনেই ডিমাপুৰৰ বাসিন্দা আৰু কাৰ্বি আংলঙৰ বনাঞ্চলত চোৰাং চিকাৰৰ উদ্দেশ্যে অহা বুলি জানিব পৰা গৈছে।