NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত আৰু এটা কোভিড১৯ পজিটিভ : ৯ বছৰীয়া এটি শিশুৰ শৰীৰত ধৰা পৰিছে কোভিড১৯

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2020 2:08 pm
COVID19: 1724 persons discharged in Assam on Tuesday

ৰাজত আৰু এটা কোভিড১৯ পজিটিভ ধৰা পৰিছে।

স্বা্স্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে এই কথা।

যোৰহাট নগৰ তিনি নম্বৰ ৱাৰ্ডৰ এগৰাকী ৯ বছৰীয়া  শিশুৰ শৰীৰত  ধৰা পৰিছে এই মৰাত্মক ভাইৰাছবিধ।

শিশুটি দিল্লী পৰা কিছুদিন পূৰ্বে যোৰহাটলৈ উভতি আহিছিল। ইতিমধ্যে আক্ৰান্ত শিশু গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড১৯ত আক্ৰান্তৰ সংখ্যা ৯৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ইপিনে,শনিবাৰৰ দিনটোতে অসমত আন পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

নিশা শোণিতপুৰ জিলাত এজন আৰু গুৱাহাটীত পুনৰ দুজনৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ পোৱাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

অসমত এতিয়ালৈকে ৯৬ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৫১ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। আক্ৰান্তসকলৰ দুজন প্ৰব্ৰজিত ব্যক্তি।

ইপিনে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰৰ যোগে জানিবলৈ দিছে যে নিশা কালাপাহৰাত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা এজন আৰু ফটাশীল আমবাৰীৰ পৰা এজন কোভিড-১৯ পজিটিভ ৰোগীক সুকলমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতললৈ স্থানান্তৰ কৰা হয়।