NORTHEAST NOW (Assamese)

লেখাপানীত এন এছ চি এন (আই এম)ৰ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

December 30, 2020 2:30 pm · মানস প্ৰতিম গগৈ
Updated: December 30, 2020 3:45 pm

ভাৰত চৰকাৰৰ সৈতে আলোচনা তথা যুদ্ধ বিৰতি চলি থকাৰ সময়তে এন এছ চি এন(আই এম)ৰ এগৰাকী দুধৰ্ষ কেডাৰে আত্মসমসৰ্পণ কৰিছে।

মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত সেনা-আৰক্ষীৰ ওচৰত আজি আত্মসমৰ্পন এন এছ চি এন( আই এম )ৰ এজন  দুধৰ্ষ সদস্যৰ।

মাৰ্ঘেৰিটা মহকুমাৰ জাগুন ৩নং ৰামপুৰ গাঁৱৰ সমীৰণ চেতীয়া নামৰ উগ্ৰপন্থী কেডাৰজনে দুই বছৰ পূৰ্বে যোগদান কৰিছিল এন এছ চি এন ( আই এম)ত।

নাগালেণ্ডৰ  ডিমাপুৰৰ কেম্প হেব্ৰনত আছিল কেডাৰজন।

Related News