NORTHEAST NOW (Assamese)

শিলঘাট-চেন্নাই এক্সপ্ৰেছৰ খুন্দাত চামগুৰিত থিতাতে নিহত এজন বৃদ্ধ

February 14, 2020 4:25 pm · ভাৰ্গৱ হাজৰিকা
প্রতিনিধিত্বমূলক চিত্ৰ

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাঘবৰালি অঞ্চলত আজি পুৱা শিলঘাট-চেন্নাই যাত্ৰীবাহি ৰেইলৰ খুন্দাত এজন বৃদ্ধ লোকে প্ৰাণ হেৰুওৱাত সমগ্ৰ অঞ্চলতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি পুৱা ভাগত বাঘবৰালি গাঁৱৰ বগাৰাম ৰাভা নামৰ বৃদ্ধ লোক জনে পথাৰলৈ যাবলৈ ৰেইল আলি পাৰ হ’বলৈ চেষ্টা কৰোতেই গুৱাহাটী দিশৰ পৰা শিলঘাট অভিমুখে অহা শিলঘাট-চেন্নাই এক্সপ্ৰেছখনে মহতিয়াই নিয়ে।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পাছতেই চামগুৰি আৰক্ষী থানাৰ আৰক্ষী আৰু ৰেল বিভাগৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Related News