NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত অক্সিজেনৰ অভাৱত এম্বুলেঞ্চতে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

June 17, 2020 10:16 pm · এন ই নাও নিউজ

এম্বুলেঞ্চত প্ৰয়োজনীয় অক্সিজেনৰ অভাৱত আজি আগৰতলাত এগৰাকী ৰোগীৰ মৃত্যু হোৱাক লৈ ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৃত্যু হোৱা ৰোগী গৰাকী তৰুণ কুমাৰ সিনহা বুলি চিনাক্ত কৰা হৈছে।

আগৰতলাৰ দশৰথ দেৱ ক্ৰীড়া প্ৰকল্পৰ ওচৰৰ বাসিন্দা তৰুণ কুমাৰ সিনহা দুপৰীয়াৰ ভাগত অসুস্থ হৈ পৰে। সিনহাৰ কন্যা দুগৰাকীয়ে ১০১ নম্বৰত ফোন কৰি পিতৃক এম্বুলেঞ্চত চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয় পোৱাৰ লগে লগে চিকিৎসাকৰ্মীয়ে তৰুণ সিনহাক পৰীক্ষা কৰি অক্সিজেনৰ অভাৱত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

পিতৃৰ বিয়োগত মৰ্মাহত হৈ পৰা সিনহাৰ দুই কন্যাই এই সমগ্ৰ ঘটনাৰ বাবে ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগক জগৰীয়া কৰি এম্বুলেঞ্চত প্ৰয়োজনীয় অক্সিজেনৰ অভাৱৰ বিষয়ে উল্লেখ কৰে।

আনহাতে উক্ত ঘটনাৰ পাছতে চিকিৎসালয় প্ৰাংগনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় চিকিৎসাকৰ্মী এগৰাকীক থানালৈ লৈ যায়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কোনোধৰণৰ অভিযোগ নোপোৱা বাবে চিকিৎসা কৰ্মী গৰাকীক মুকলি কৰি দিয়ে।

Related News