NORTHEAST NOW (Assamese)
অসম

বানপানীত অসহায় প্ৰাণীকুল; বিশ্বনাথত জীৱন্ত খটীয়া পহুৰ সৈতে এজন লোকক আটক

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 28, 2020 3:08 pm
বানপানীত অসহায় প্ৰাণীকুল; বিশ্বনাথত জীৱন্ত খটীয়া পহুৰ সৈতে এজন লোকক আটক

বানপানীৰ প্ৰকোপৰ বাবে অসহায় হৈ ওখ ঠাইৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা খটীয়া পহু চিকাৰ কৰি আজি বিশ্বনাথত বন বিভাগৰ হাতত আব্দুল আলি নামৰ এজন লোক আটক হয়।

বিশ্বনাথ ঘাটৰ ভোলাকটা চাপৰিৰ বুঢ়ী গংগা নলাত বন বিভাগৰ দলে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই জীৱন্ত পহুটোৰ সৈতে আটক কৰে আব্দুল আলি নামৰ লোকজনক।

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰ নদীত বানপানীত উটি অহা খৰি ধৰিবলৈ গৈ খটীয়া পহুটিক ধৰি নাওঁত খৰিৰ মাজত লুকুৱাই আনিছিল ধৃত আব্দুল আলিয়ে।

এই সন্দৰ্ভত তথ্য লাভ কৰি আজি ৰাতিপুৱা প্ৰায় ১১.৪৫ বজাত চেন্ট্ৰেল ৰেঞ্জৰ বিষয়া ইকবাল হুছেইনে সু পৰিকল্পনাৰে বন বিভাগৰ কৰ্মীক লগত লৈ অভিযান চলাই জীৱন্ত পহুটোৰ সৈতে আটক কৰিবলৈ সক্ষম হয় আব্দুল আলিক।

ইতিমধ্যে , বনবিভাগৰ দলে আব্দুল আলিৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ লগতে অনাগত সময়ত এনেধৰণৰ চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিত বন বিভাগৰ দল সষ্টম হৈ আছে বুলি  জানিবলৈ দিয়ে চেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ইকবাল হুছেইনে ।