Man-elephant conflict: খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ; ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
ফটো: নৰ্থইষ্ট নাও।
Man-elephant conflict ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। ওদালগুৰিৰ আটাৰিখাটত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ এই সংঘাতে।
আটাৰিখাটৰ ২ নং ৰজাগড়ত সোমবাৰে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক। নিহত ব্যক্তিজনৰ নাম মাণিক প্ৰজা(৫৫)।
ইপিনে, হাতী-মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগ।
এপিনে নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু আনহাতে ইয়াৰ মাজতে বিভিন্ন কাৰণত বন্যহস্তীয়েও অকাল মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে।
খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি খেতি বাতি ধ্বংস কৰা ৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে।
হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰক আহ্বান জনাইছে বিপৰ্যস্তস্থানীয় ৰাইজে।