NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড: ডিঙি কাটি পেলাই থৈ গ’ল এজনক

April 11, 2022 9:47 am · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: April 11, 2022 10:03 am

গুৱাহাটী মহানগৰীত আইন-শৃংখলা পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে।

কালি এমট্ৰ’নৰ এজন কৰ্মচাৰীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছত আজি পুনৰ আন এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

এইবাৰ গুৱাহাটীৰ বামুণীমৈদামৰ শীতলাবাৰী এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক।

মৃত লোকজনৰ নাম কাজল চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে।

দেওবাৰৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল লোকজন।

পুত্ৰৰ ভাষ্য অনুসৰি দুপৰীয়া ২ বজাত পুত্ৰলৈ ফোন কৰিছিল।

কিন্তু ব্যস্ত থকাৰ বাবে তেওঁ কথা পাতিব পৰা নাছিল।

নিশা ১০ বজাত শেষ বাৰৰ বাবে পত্নীৰ সৈতে কথা পাতিছিলে কাজল চন্দ্ৰ দাসে।

আৰক্ষীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related News