NORTHEAST NOW (Assamese)

মহানগৰীত চাঞ্চল্য: এমট্ৰনৰ কর্মচাৰীক ঘৰতে গুলীয়াই হত্যা

April 10, 2022 8:15 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: April 10, 2022 8:20 pm

মহানগৰীত ঘটিছে এক নৃশংস হত্যাকাণ্ড।

গুৱহাটী মহানগৰীৰ বৰাগাঁৱত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

ঘৰৰ ভিতৰতেই এজনক কোন দুৰ্বৃত্তই মূৰত গুলিয়াই হত্যা কৰি থৈ যায়। লগতে ডিঙিত চোকা অস্ত্ৰৰে আঘাতৰ চিন স্পষ্ট।

মহানগৰীৰ বৰাগাঁৱৰ হৰেশ্বৰ বসুমতাৰী পথত ঘটিছে এই হত্যাকাণ্ডৰ ঘটনা।

দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ মানুহ বহা কোঠাত পেলাই থৈ যায় লোকজনক।

মৃত লোকজন এমট্ৰনৰ কৰ্মচাৰী অজিত চেতিয়া বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চি আই ডিৰ দল আৰু ফৰেনচিকৰ দলো উপস্থিত হৈছে।

প্ৰাথমিক অনুসন্ধানত এয়া ডকাইতি বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

দুপৰীয়া প্ৰায় ১ বজাত এই ঘটনা পোহৰলৈ আহে।

এই হত্যাকাণ্ডৰ সময়ত ঘৰত কোনো লোক উপস্থিত নাছিল বুলি জানিব পৰা গৈছে ৷ চেতিয়াৰ ঘৰৰ বয়-বস্তু লুট কৰি লৈ যোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অজিত চেতিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

বৰ্তমানলৈকে আৰক্ষীয়ে কোনো দুৰ্বৃত্তৰে সন্ধান উলিয়াব পৰা নাই যদিও বিভিন্নজনক সোধাপোছা কৰি আছে৷ ।

Related News