NORTHEAST NOW (Assamese)

ড্ৰাগছ মাফিয়াৰ গাড়ীৰ খুন্দাত পহৰাদাৰী আৰক্ষী বিষয়াৰ মৃত্যু

November 22, 2019 8:16 pm · এন ই নাও নিউজ
মৃত্যু হোৱা আৰক্ষী বিষয়া গৰাকী

ত্ৰিপুৰাত ড্ৰাগছ মাফিয়াৰ হাতত বৃহস্পতিবাৰে নিশা এগৰাকী আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা আৰক্ষী বিষয়া গৰাকী ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ কলমচৌৰা আৰক্ষী থানাত কৰ্তব্যৰত দুৰ্গা চন্দ্ৰ ৰংখল বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰত দুৰ্গা চন্দ্ৰৰ হত্যাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

বৃহস্পতিবাৰে নিশা দুৰ্গা চন্দ্ৰই অন্য আৰক্ষী জোৱানৰ সৈতে দক্ষিণ কলমচৌৰাৰ চৌমহানি বাজাৰত পহৰা দি আছিল।

আৰক্ষীৰ দলটোৱে পহৰা দি থকাৰ সময়তে এখন মালভৰ্তি বাহন দ্ৰুত গতিত আহি থকা লক্ষ্য কৰে।

আৰক্ষীৰ দলটোৱে দ্ৰুত গতিত আহি থকা বাহনখন ৰখাবলৈ চেষ্টা কৰে যদিও বাহনখনে পহৰাদাৰী আৰক্ষী দলটোক মহতিয়াই লৈ যায়।

দ্ৰুতবেগী গাড়ীখনৰ খুন্দাত দুৰ্গা চন্দ্ৰ গুৰুতৰভাৱে আহত হয়। কৰ্তব্যৰত আৰক্ষী জোৱানসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে আৰক্ষী বিষয়া গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

শুকুৰবাৰে দুৰ্গা চন্দ্ৰৰ নশ্বৰ দেহ জন্মস্থানলৈ লৈ গৈ সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয়া তদন্ত ঘোষণা কৰি মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

Related News