NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বাগৰিত এবছৰীয়া গঁড়ৰ পোৱালি উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 17, 2019 3:54 pm
Rhino Calf

আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা এটা গঁড়ৰ পোৱালি উদ্ধাৰ কৰা হয় ৷ মাকৰ মৃত্যু হোৱাৰ পাছত বাগৰি বনাঞ্চলৰ ডোঙা বনশিবিৰ এলেকাত অকলশৰে বিচৰণ কৰি ফুৰিছিল উক্ত গঁড় পোৱালিটো।

জানিব পৰা মতে পুৱা উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনকৰ্মীৰ এটা দলৰ সহযোগত পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে এবছৰীয়া গঁড়ৰ পোৱালিটোক উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ লৈ যায়।

সম্প্ৰতি গঁড় পোৱালিটো উক্ত কেন্দ্ৰটোতেই প্ৰতিপালিত হৈ আছে। উল্লেখ্য যে শেহতীয়াকৈ পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোত প্ৰতিপালিত হৈ থকা আটাইবোৰ গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই গঁড় শূন্য হৈ পৰিছিল কেন্দ্ৰটো।

কিন্তু আজি পুৱা উদ্ধাৰ হোৱা গঁড় পোৱালিটো প্ৰতিপালনৰ বাবে উক্ত কেন্দ্ৰটোলৈ লৈ যোৱাত পুনৰ সজীৱ হৈ উঠে কেন্দ্ৰটো।