NORTHEAST NOW (Assamese)
অসম

গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ May 20, 2022 10:03 am

দিল্লীৰ চৰকাৰী বিদ্যালয়ক সমালোচনা কৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত কি দৰে চলিছে চৰকাৰী বিদ্যালয়? চৰকাৰী বিদ্যালয় কিদৰে চলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে খৱৰ ৰাখিছেনে? নে কেবল গুণোৎসৱ পাতিয়েই দায়িত্ব সামৰিব খুজিছে ‘বিকাশ’ৰ জয়গান গাই ফুৰা চৰকাৰখনে?

শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয় হৈছে নামতিয়াল নৱজ্যোতি প্ৰাথমিক বিদ্যালয়।

বিদ্যালয়খনত আছে মাত্ৰ এজন শিক্ষক। ইপিনে,পাঁচটা শ্ৰেণী আৰু ছাত্ৰ-ছাত্ৰী আছে ২৩ গৰাকী। ফেব্ৰুৱাৰী মাহৰ পৰাই এই বিদ্যালয়ত মাত্ৰ এজন শিক্ষকে পাঠদান চলাই আহিছে।

ফটো: নৰ্থইষ্ট নাও।

বিদ্যালয়খনৰ আন আন শিক্ষকসকল অৱসৰ গ্ৰহণ কৰাৰ পিছত নতুন শিক্ষক বৰ্তমানলৈকে নিযুক্তি নিদিয়াত এইদৰে এজন শিক্ষকে অকলে পাঠদান কৰিবলগীয়া হৈছে পাঁচটাকৈ শ্ৰেণী।

শিক্ষকগৰাকীয়ে এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক জনাইছিল যদিও বৰ্তমানলৈকে বিদ্যালয়খনত কোনো শিক্ষক নিয়োগ কৰা নাই।

আনহাতে, ধুমুহাই বিদ্যালয়খনৰ টিনপাত উৰুৱাই নিয়াত বৰষুণৰ বতৰত তিতিয়েই পাঠাদান কৰিব লাগে ছাত্ৰী-ছাত্ৰী সকলক।

লগতে পঢ়ক: Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

এইদৰে এজন শিক্ষকে একে সময়তে পাঁচটা শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হোৱাৰ বাবে উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল। যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে বিদ্যালয়খনত সোনকালে এজন বা দুজন শিক্ষক নিযুক্তি দিয়ক।