NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ইটোৰ পিছত সিটোকৈ ৰে’ল দুৰ্ঘটনা : প্ৰতিশ্ৰুতিৰ ৭ বছৰৰ পাছতো কন্ট্ৰল ৰুমত স্থাপন নহ’ল আধুনিক প্ৰযুক্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 19, 2024 4:54 pm
ইটোৰ পিছত সিটোকৈ ৰে’ল দুৰ্ঘটনা : প্ৰতিশ্ৰুতিৰ ৭ বছৰৰ পাছতো কন্ট্ৰল ৰুমত স্থাপন নহ’ল আধুনিক প্ৰযুক্তি

২০১৭ চনতেই দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সকলো পুৰণি প্ৰযুক্তি কক্ষ সম্পূৰ্ণৰূপে বন্ধ কৰি নতুন প্ৰযুক্তি কক্ষ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰে’ল বিভাগে।

কিন্তু সেই প্ৰতিশ্ৰুতিৰ ৭ বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিও স্থাপন নহ’ল নতুন প্ৰযুক্তি। যাৰ ফলত সোমবাৰে উত্তৰ বংগত কাঞ্চনজংগা এক্সপ্ৰেছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

এই সন্দৰ্ভত ৰে’লৱেৰ এগৰাকী প্ৰাক্তন বিষয়াই কয়, যদি ৰে’লৱেই প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন তেন্তে ইমান ডাঙৰ দুৰ্ঘটনা সংঘটিত নহ’লহেঁতেন।

মন কৰিবলগীয়া যে ২০১৭ চনত ৰে’ল মন্ত্ৰালয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰে এটা আছিল নতুন প্ৰযুক্তি কক্ষ। ৰে’লৱেই জনোৱা মতে পুৰণি টেকন’লজি ৰুম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব।