NORTHEAST NOW (Assamese)
অসম

পুলৱামা কাণ্ডৰ এবছৰ; আজি তামুলপুৰত উন্মোচন কৰা হ’ব চহিদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2020 7:46 am
Pulwama story

বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত জয়চ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ৰ ওপৰত সংঘটিত কৰা ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ আজি এবছৰ সম্পূৰ্ণ হ’ল।

আজি সমগ্ৰ দেশে পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত চহিদ হোৱা ভাৰত মাতাৰ বীৰ সন্তান সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ১৪ ফ্ৰেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত আত্মঘাতী বোমাৰুৱে আক্ৰমণ সংঘটিত কৰাৰ ফলত ৪০ গৰাকী জোৱান চহিদ হৈছিল।

পুলৱামাৰ চি আৰ পি এফৰ কনভয়ত সংঘটিত কৰা এই ভয়াবহ আক্ৰমণে সমগ্ৰ দেশক জোকাৰি গৈছিল।

পুলৱামা আক্ৰমণত চহিদ হোৱা ৪০ গৰাকী চি আৰ পি এফৰ জোৱান সকলৰ ভিতৰত অসমৰ বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰীও আছিল।

চহিদ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱত, পিতৃ দনিৰাম বসুমতাৰী।

৪৭ বছৰীয়া জোৱানজনে মৃত্যুৰ সময়লৈকে ২৪ বছৰ ৬ মাহ আৰু ৮ দিন চি আৰ পি এফত সেৱা আগবঢ়াই গৈছে।

আজি পুলৱামা কাণ্ডৰ এবছৰ সম্পুৰ্ণ হোৱা ক্ষণত চহিদ মনেশ্বৰ বসুমতাৰীৰ গৃহ জিলা বাক্সাত তেওঁৰ এটা আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে চহিদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিব।