NORTHEAST NOW (Assamese)

এম্বুলেন্স প্ৰদান নকৰাত নামৰূপত পথ দুৰ্ঘটনাত আহত দুজনৰে এজন নিহত

December 9, 2018 10:47 pm · অকশ্বয় প্ৰণৱ কলিতা
নামৰূপ থানাৰ অন্তৰ্গত ধোদৰ আলিৰ থামেল ফৰেষ্ট কলনিৰ সন্মুখত সন্ধিয়া ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰোহী ললিত দলে (২১) আৰু অৰ্ণৱ গগৈ(২১)ক স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে বি ভি এফ চি এল চিকিৎসালয়লৈ নিয়ে। ইয়াৰে ললিত দলেৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
বি ভি এফ চি এল চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে নামৰূপত থকা চৰকাৰী ১০৮ আৰু ১০২ সেৱা বিকল হৈ থকাত বি ভি এফ চি এল চিকিৎসালয়ৰ এম্বুলেন্স সেৱাৰ বাবে চিকিৎসালয়ৰ চি এম অ’ ডাঃ ইন্দ্ৰ কুমাৰ লাহনক পৰিয়ালৰ লোকে আহ্বান জনাইছিল।
কিন্তু চি এম অ’ লাহনে ঔদ্যোগিক নীতিগত কাৰণত এম্বুলেন্স সেৱা আগবঢ়াব নোৱাৰে বুলি ব্যক্ত কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে গাড়ীৰ বাবে অপেক্ষা কৰি ১.৩০ ঘণ্টা পলমকৈ মুমূৰ্ষু অৱস্থাত দুয়োকে ডিব্ৰুগড়লৈ নিয়া হয় যদিও চিকিৎসালয়ত ললিত দলেক মৃত বুলি ঘোষণা কৰে।
ইফালে বি ভি এফ চি এল চিকিৎসালয়ৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্য আৰু স্থানীয় আৰক্ষীৰ নিয়ন্ত্ৰণত পিছত চিকিৎসালয়খনত সমৱেত হোৱা কেইবাশতাধিক উত্তপ্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Related News