NORTHEAST NOW (Assamese)

মোদীৰ ভাল দিন! পিঁয়াজে কন্দুৱাইছে কৃষক আৰু জনসাধাৰণক

October 30, 2023 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 30, 2023 6:37 pm

মোদীৰ আচ্ছে দিনৰ চৰকাৰে আকৌ কোব সোধাইছে দেশৰ দৰিদ্ৰৰ মূৰত। একেকোবে কেইবাগুণলৈ বৃদ্ধি পালে পিঁয়াজৰ দাম। 

মাত্ৰ এসপ্তাহতে ১৫ টকাৰ পৰা ৭০-৮০ টকালৈ বৃদ্ধি পাইছে পিঁয়াজৰ দাম। কিন্তু এই মূল্যবৃদ্ধিৰ ফলত বিশেষ লাভাম্বিত নহ’ল কৃষকসকল । 

এতিয়া খুবেই শোচনীয় হৈ পৰিছে দেশৰ পিয়াঁজ খেতিয়ক বিশেষকৈ মহাৰাষ্ট্ৰৰ পিঁয়াজ উৎপাদক সকলৰ অৱস্থা । 

আনহাতে, কৃষক সংগঠনসমূহে অভিযোগ কৰিছে যে জমাকাৰীসকলে সঠিক সময়ত বৃহৎ পৰিমাণৰ পিঁয়াজ মজুত কৰি বজাৰত পিয়াঁজৰ দাম বৃদ্ধি কৰি লাভ আদায় কৰিছে।

উল্লেখ্য যে অস্বাভাৱিক বতৰৰ বাবে আন আন শাক-পাচলি আৰু শস্যৰ দৰে এইবাৰ দেশত পিয়াঁজৰ উৎপাদনো যথেষ্ট হ্ৰাস পাইছে। সেয়ে বিগত তিনিমাহে বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধিৰ দেখা পোৱা গৈছিল। সেইবাবেই বজাৰত পিঁয়াজৰ যোগান অব্যাহত ৰাখিবলৈ কেন্দ্ৰই যোৱা মাহত পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু তাৰ পৰাও নহ’ল একো লাভ। 

অক্টোবৰৰ মাজভাগত প্ৰতি কিলোত পিঁয়াজৰ দাম মাত্ৰ ২৫ টকা হোৱাৰ বিপৰীতে অক্টোবৰৰ শেষৰ ফালে প্ৰতি কিলোত পিঁয়াজৰ দাম বৃদ্ধি পালে ৮০ টকালৈ।

অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছতো পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কৃষক সংগঠনসমূহে অতিৰিক্ত শুল্ক প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। 

চাহিদা অনুসৰি উপভোক্তা সামগ্ৰী মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি প্ৰতি কেজিত পিয়াঁজৰ ৰপ্তানি মূল্য ৬৭ টকা নিৰ্ধাৰণ কৰে। অৱশ্যে ইয়াৰ পিছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই। 

বিশেষজ্ঞসকলৰ মতে, মজুতকাৰীসকলক বৃহৎ পৰিমাণৰ পিয়াঁজ মজুত ৰখাত বাধা নিদিলে মূল্যৰ কোনো পৰিৱৰ্তন নহ’ব। কাৰণ, পিঁয়াজৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ল চাহিদা অনুসৰি বজাৰত যোগানৰ অভাৱ।

ইফালে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ বজাৰত পিয়াঁজৰ এই মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰক সমালোচনা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। এই সন্দৰ্ভত তেওঁ কয়, “২০১৪ চনত মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি কৈছিল।” কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দেশৰ বজাৰত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰে মূল্য মোডী চৰকাৰৰ দিনত যথেষ্ট বৃদ্ধি পাইছে।” 

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘’হাৰ্ডিং আৰু ক’লা বজাৰৰ বাবে দেশত পিঁয়াজৰ দাম বৃদ্ধি পাইছে। কিন্তু মোডী চৰকাৰৰ ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো ইচ্ছা নাই। এই চৰকাৰখনে দেশৰ মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।”

Related News