NORTHEAST NOW (Assamese)
অসম

অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হ’ব নোৱাৰে : মনীষ চিচোদিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 11:49 am

অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হ’বই নোৱাৰে বুলি দিল্লীৰ উপ মুখ্য মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ চিচোদিয়াই কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মঙলবাৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অনলাইন শিক্ষা কেৱল শিকা আৰু শিকোৱা প্ৰক্ৰিয়াটো চলাই থকাৰ মাধ্যমহে।

মন্ত্ৰী চিচোদিয়াই অনলাইন শিক্ষা আৰু অৰ্ধ-অনলাইন শিক্ষা প্ৰণালীৰ সমীক্ষা কৰাৰ বাবে দিল্লীৰ এখন চৰকাৰী বিধ্যালয়ত শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰোতে এই মন্তব্য কৰে।

মত বিনিময়ৰ সময়ত মন্ত্ৰী চিচোদিয়াই কয়, ‍‘মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ বহুত ক্ষতি আছে। বিদ্যালয়ত লাভ কৰা শিক্ষা অনলাইনত সম্ভৱ নহয়’।

তেওঁ লগতে কয়, ‍‘মই জানো অনলাইন শিক্ষা ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে সঠিক নহয়, কিন্তু বৰ্তমান শিকক আৰু শিকোৱা প্ৰক্ৰিয়াটো চলাই থকাটোৱে আমাৰ প্ৰধান উদ্দেশ্য’।

ইয়াৰ উপৰি পিতৃ-মাতৃ, শিক্ষক আৰু দিল্লীৰ ১৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে একলগে প্ৰাৰ্থনা কৰিলে অতি শীঘ্ৰে বিদ্যালয় খুলিব পাৰিব বুলি শিক্ষা মন্ত্ৰী মনীষ চিচোদিয়াই মন্তব্য কৰে।