NORTHEAST NOW (Assamese)

নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ নামত অনলাইন লটাৰীৰ প্ৰৱঞ্চনা:এজন আটক

February 25, 2026 8:43 pm · নয়নমণি ভৰদ্বাজ
Updated: February 25, 2026 8:47 pm

নাজিৰাৰ সুপৰিচিত অগ্নিনাভ শিৱ মন্দিৰৰ নাম ব্যৱহাৰ কৰি ছচিয়েল মিডিয়াত ভুৱা লটাৰীৰ প্ৰচাৰ চলাই কোটি কোটি টকা লুণ্ঠন কৰা এক ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাই অভিযান চলাই নগাঁৱৰ কচুৱা অঞ্চলৰ পৰা জহিউল ইছলাম নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। অভিযোগ অনুসৰি ধৃত জহিউলে দীৰ্ঘদিন ধৰি ফেচবুকৰ বিভিন্ন একাউণ্টৰ জৰিয়তে এই ডিজিটেল মন্দিৰটোৰ নামত লটাৰী খেলৰ মিছা বিজ্ঞাপন দি সৰ্বসাধাৰণক প্ৰতাৰণা কৰি আহিছিল।

২০১৫ চনৰ ২০ ফেব্ৰুৱাৰীত নাজিৰাত প্ৰতিষ্ঠা হোৱা অগ্নিনাভ শিৱ মন্দিৰটো ইয়াৰ আধুনিক কাৰুকাৰ্যৰ বাবে সমগ্ৰ ৰাজ্যতে ডিজিটেল মন্দিৰ হিচাপে জনপ্ৰিয়। প্ৰতিদিনে বহু দূৰ-দূৰণিৰ পৰা ভক্তসকল এই মন্দিৰলৈ দৰ্শনৰ বাবে আহে। এনে এক পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ আৱেগক মূলধন হিচাপে লৈ জহিউলে চলোৱা এই কুটিল চক্ৰৰ বিৰুদ্ধে মন্দিৰ কৰ্তৃপক্ষ সজাগ হৈ পৰে। পৰৱৰ্তী সময়ত মন্দিৰৰ হৈ শিখা মজিন্দাৰ বেজবৰুৱাই নাজিৰা আদৰ্শ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাৰ নেতৃত্বত চলা তদন্তত জহিউল ইছলামৰ নাম সাঙোৰ খাই পৰে আৰু আৰক্ষীয়ে তেওঁক আটক কৰে। প্ৰাথমিক তদন্তত এই লটাৰী খেলৰ নামত কোটি কোটি টকাৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই বৃহত প্ৰৱঞ্চনা চক্ৰটোৰ সৈতে জহিউলৰ উপৰিও আন বহুতো ব্যক্তি জড়িত থকাৰ তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বৰ্তমান আৰক্ষীয়ে ধৃত অভিযুক্তজনক অধিক সোধা-পোছা অব্যাহত ৰাখিছে যাতে এই সমগ্ৰ নেটৱৰ্কটো উৎখাত কৰিব পৰা যায়।

Related News