NORTHEAST NOW (Assamese)

সকাহ! ঘৰতে বহি লাভ কৰক ড্ৰাইভিং লাইচেন্স

October 28, 2021 5:53 pm · এন ই নাও নিউজ, গুৱাহাটী

এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে ডি টি অ’ কাৰ্যালয়লৈ তাঁত-বাটি কৰিব নালাগে অসমৰ ৰাইজে। ঘৰতেই বহি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ।

অসমৰ পৰিবহন বিভাগে আজি উন্মোচন কৰিলে অনলাইন ড্ৰাইভিং লাইচেঞ্চ সেৱা। পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অনলাইন সেৱা মুকলি কৰে।

এই সেৱাৰ সুবিধাত এতিয়া ঘৰৰ পৰাই ড্ৰাইভিং লাইচেন্সৰ আবেদন কৰিব পাৰিব ইচ্ছুক আবেদনকাৰীয়ে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সেৱাই সকলোকে উপকৃত কৰিব। আনহাতে অনলাইন লাৰ্নাৰ লাইচেঞ্চৰ সেৱা মুকলি কৰাৰ পিছতে বিগত ২ মাহত প্ৰায় ১ লাখ ৩৫ হাজাৰ লাৰ্নাৰ লইচেঞ্চ মুকলি কৰি দিছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে পৰিবহণ বিভাগৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে যি কোনো প্ৰান্তৰ পৰা লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পূৰ্বৰ দৰে ডি টি অ’ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব আবেদনকাৰীৰ।

Related News