NORTHEAST NOW (Assamese)
Popular Stories

পুঁজিপতিলৈ কোটি কোটি, কিন্তু মন্দিৰৰ দানপাত্ৰত মোদীয়ে দিয়া খামত ওলাল মাত্র ২১ টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 27, 2023 10:29 am

নিজকে সনাতন ধৰ্মৰ ভক্ত বুলি দাবী কৰি অনবৰতে হিন্দুৰ সুৰক্ষা কথা কোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুঁজিপতিলৈ কোটি কোটি টকা আগবঢ়াই আহিছে। আনকি নিজেও লাখ লাখ টকাৰ কাপোৰ-কানি পিন্ধি, কোটি টকাৰ খাদ্য খাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নৰেন্দ্ৰ মোদীয়ে। কিন্তু ইয়াৰ মাজতে প্ৰকাশিত এটা খবৰে হিন্দু সকলক হচকিত কৰি তুলিছে।

ৰাজস্থানৰ ভিলৱাড়াত অৱস্থিত দেৱনাৰায়ণ মন্দিৰৰ দানপাত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দান দিয়া খামৰ পৰা মাত্র ২১ টকা পোৱাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

খবৰ অনুসৰি, যোৱা ২৮ জানুৱাৰীত গুৰ্জৰ সমাজৰ আৰাধ্য দেৱতা দেৱনাৰায়ণ মন্দিৰলৈ গৈছিল প্ৰধানমন্ত্ৰী মোডী। মন্দিৰটোৰ ১১১১ প্রতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থকা প্রধানমন্ত্রীয়ে অহাৰ সময়ত মন্দিৰটোৰ দানপাত্ৰত এটা খাম দিছিল। 

প্রায় ৯ মাহ পিছত দানপাত্ৰটো খোলাৰ সময়ত মোডীয়ে দিয়া খামটোৰ পৰা মাত্ৰ ২১ টকাহে ওলাল। এজন প্ৰধানমন্ত্ৰীয়ে, তাকো হিন্দুত্বৰ কথা কৈ শাসনলৈ অহা প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ নামত মাত্ৰ ২১ টকা বৰঙনি দিয়া কাৰ্যত গুৰ্জৰ সমাজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

ইয়াৰ পিছতে এতিয়া হিন্দুৰ মন্দিৰৰ প্ৰতি মোদীৰ সেৱা মনোভাৱ সম্পৰ্কেও সন্দেহৰ সৃষ্টি হৈছে। ৰাইজে প্ৰশ্ন কৰিছে, কোটিপতি হোৱাৰ পিছতো মন্দিৰলৈ নগণ্য অনুদান কিয় আগবঢ়ালে নৰেন্দ্ৰ মোদীয়ে।